Assam's facebook story:







1. সুখবোৰ নো বাৰু কত:

# বেংকত চাকৰি কৰা লৰাটোৱে সন্ধিয়া সদায় ভোকে-পিয়াহে ঘৰ সোমায়, সদায় এটাই দুখ বেলেগ চাকৰি এটা পোৱা হলেই ভাল আছিল।
# বিধৱা বোৱাৰীজনীৰ সদায় চকুযুৰি সেমেকা, মনত এটাই দোমোজা তাইনো বাৰু কি এনে ভুল কাম কৰিলে, যাৰ বাবে চিৰদিন-চিৰকাল চিনাকী সৌৰজগতখন হেৰাই গল।
# পথাৰত সোণগুটি চপোৱা হৰেণ খুড়াৰ অন্তৰত সদায় বিষণ্ণতাৰ কলা এচপৰা মেঘ, আটাইবোৰ লগৰেই কৰবাত নহয় কৰবাত ভেটি দি চৰকাৰী চাকৰিত মকৰল।
# দহ বছৰ বিনা বেতনত শিক্ষকতা কৰা যতীন ছাৰৰ বুকুত দুখৰ প্ৰাচীৰ, কিমান লৰা-ছোৱালী প্ৰতিষ্ঠিত কৰিলে, অথচ সন্ধিয়া ৰেচনৰ দোকানত খোৱাবস্তুৰ যোৰা-টাপলি মাৰিবলৈ গণিতজ্ঞৰ নিচিনা অংক কৰিবলগীয়া হয়।
# ফুটপাথৰ দাতিত জোতা পলিচ কৰা ভবেনৰ চকুত ক্ষোভৰ আগ্নেয়গিৰি, এটাই প্ৰশ্ন আমাৰ নিচিনা মানুহবোৰ বাৰু আনক চাবলৈহে আহিলো নেকি!
# চুবুৰীটোৰ একেবাৰে প্ৰকাণ্ড ঘৰটোৰ দম্পতীহালৰ অহৰহ বেদনাৰ হুমনিয়াহ, নেদেখাজনৰ লীলাত ৰাইজৰ কাঠগড়াত আমি কিয় নিসন্তান।
# কেকুৰীটোৰ ফালে চকু পোনালে জালিকটা বেৰৰ ফাঁকেৰে জানকী বুঢ়ীৰ আৰ্তনাদ, চক্ৰবৃদ্ধি সুতত বাঢ়ি যোৱা বেমাৰৰ বোজাৰ পৰা কেতিয়া মুক্তি পাম ভগৱান।
# এদিন প্ৰেয়সীৰ লগত কাজিয়া লাগিলে ভাগ্যক ধিয়াই তপনৰ আস্ফালন, মোৰ লগতহে কিয় বাৰু হয় এনেকুৱা।
ইত্যাদি ইত্যাদি ইত্যাদি--
হেজাৰবোৰ মানুহৰ হেজাৰবোৰ দুখেৰে এইখনেই আমি সততে কোৱা সুখৰ পৃথিৱী। কাৰোবাৰ নোপোৱা বেদনা, কোনোবা হেৰাই যোৱাৰ বেদনা, কোনোবাৰ কিবা থকাৰ বেদনা, কোনোবা আকৌ মানুহ হৈ জনম লোৱাৰ বেদনা। এই বেদনাৰ কোনোবাখিনিত অংশীদাৰ তুমি, মই, আপুনি কিম্বা তেখেত। এই বেদনাত আমি ইমানেই ভাৰাক্ৰান্ত হও যে সৰু সৰু সুখবোৰ কোনোবাখিনিত হেৰাই যায়। গোটেই জীৱনটো এনেকৈ মৰি মৰিয়েই জীয়াই থাকিবলগা হয়। কায়িকভাৱে এবাৰ মৰিলেও, মনটো দুখৰ সাগৰত হেজাৰটা সাথৰত হেজাৰবাৰ মৰে।
বি:দ্ৰ: বগা পাৰ চৰাই যদি শান্তিৰ প্ৰতীক, বিধবাৰ বগা সাজযোৰ জানো অমঙ্গলীয়া?
এইটো এটা সৰু সুখৰ হুমনিয়াহৰ উদাহৰণহে। পৃথিৱীৰ প্ৰতিটো প্ৰশ্নৰ আৰত যেনেকৈ এটা উত্তৰ আছে, প্ৰতিটো দুখৰ উশাহৰ আৰত সুখৰ নিশ্বাস এটা সদায় আছে।
সদায় সুখত থাকক।
জীৱন জিন্দাবাদ।💞






2.আমাৰ দৰে হাই-হাল্লা ভাল নোপোৱা,শ্ল’ ভলিউমত চকু মুদিব পৰা বা লং জাৰ্ণি এটাত হেডফোনত লগত তাল মিলাই গুণগুণাই থাকিব পৰা মানুহৰ বাবে গান গোৱাজন KK.
“aakho mein teri aajab se” শুনি প্ৰেমত পৰা,কাৰ দোপাট্টা আহি আমাৰ ঘড়ীত লাগিবহি বুলি কল্পনা কৰোৱা মানুহজন KK.
“Mujhko Saza Di Pyaar Ki,”বিৰহত চিঞৰিবলৈ,ৰিক্ত নিশাবোৰত প্ৰেমৰ প্ৰতি ধিক্কাৰ জগোৱা মানুহজনো KK.
“Yaaron dosti badi hi haseen hai”,হোষ্টেল ফেয়াৰৱেলৰ ৰাতি লগৰটোক সাবত মাৰি ধৰি কান্দোতে বেকগ্ৰাউণ্ডত বাজি আছিল KK.
“Zindegi Do pal ki”,গানত কোৱাৰ নিচিনাকৈয়ে মানুহ গুছি যায়নে! সঁচাকৈয়ে,উশাহকণ ৰৈ যোৱা মানেইতো সব শেষ । এটা মূহুৰ্তৰহে কাৰবাৰ ।
আমাৰ যৌৱন ওপচাই ৰখা বহু এলিমেণ্টৰ মাজৰ এটা আছিল KK. আজিৰ পৰা এই এলিমেণ্টটোৰ 'দ্যা এণ্ড!'
এতিয়ানো কি,তেখেতে গোৱাৰ দৰে,“Ab kehna aur kya,Jab tune keh diya alvida”,আৰু ক’বলৈ একো নাই । ক’মেই বা কি? তথাপিও ইমান সোনকালে নোযোৱা হ’লে ভাল আছিল!!




জীৱনত যদি আপুনি কিবা পৰিকল্পনা কৰিছে আৰু সেয়া সমাজ জীৱনৰ লগত জৰিত... তেন্তে আপোনাৰ লগত আহোম সম্প্ৰদায়ৰ লোক দুই এজনক ৰখাটো জৰুৰী। আহোম সম্প্ৰদায়ৰ বহুজন লোকৰ লগত মই সামাজিক আৰু ব্যক্তিগত জীৱনত কাম কৰা সুযোগ পাইছোঁ। তেখেতসকলক যিকোনো এটা দায়িত্ব দিয়ক... মৰি হাজি হ'লেও সেয়া সম্পন্ন কৰিবই। তেজ বুলি এটা কথা আছে। সঁচাই লাচিতৰ তেজ আজিও আহোমৰ দেহৰ পৰা নোহোৱা হোৱা নাই... বা জয়মতী, মূলাগাভৰুৰ তেজ।
জীৱনত যদি আহোম ৰমনীৰ লগত প্ৰেমত পৰা সুযোগ পাইছে, তেন্তে আপোনাৰ জীৱন ধন্য। হাজাৰ ঘাট প্ৰতিঘাট আহক, যন্ত্ৰণাত ৰক্তাক্ত হৈ পৰক.... কিন্তু যাক ভাল পাব, তেওঁৰ বাবে দেহ মন সমস্ত উৎসৰ্গিত কৰি ভালপোৱা বৰ্তাই যাব। তেওঁলোকৰ প্ৰেম যেন জয়মতীৰ প্ৰেমৰেই পুনৰাবিত্তি।
আহোম সম্প্ৰদায় ৰাজকীয়। যাৰ দেহত থাকে জন্মগত ৰাজতিলক... ৰাজবৈশিষ্ট্য। যদি ৰাজকীয় জীৱনৰ উপলব্ধি ল'ব বিচাৰে.. যিমান পাৰে আহোম সম্প্ৰদায়ৰ লোকসকলৰ লগত মিতিৰালি কৰক। সিংহৰ দৰে জী থাকিব পাৰিব আপুনি।
আহোম সকলেই অসমীয়া জাতিৰ প্ৰথম পৰিচায়ক... আহোম থকালৈকে অসমীয়া জাতি কাহানিও বিপন্ন নহয়। জাতীয়তাবোধৰ ক্ষেত্ৰত আহোম সম্প্ৰদায়ৰ লগত তুলনা কাৰো হ'বই নোৱাৰে।
বিঃদ্ৰঃ- ইয়াত এটি সম্প্ৰদায়ৰ সপক্ষে কোৱা মানে আন কোনো সম্প্ৰদায়ক হেয় কৰিব বিচৰা নাই। সকলো সম্প্ৰদায় নিজ নিজ গুণ আৰু ইতিহাসেৰে মহিমামন্বিত। ইয়াত মোৰ ব্যক্তিগত অনুভব খিনিহে কৈছোঁ মাথোঁ।

✍উৎপল শিৱম

4.Bed তো কৰিবা, Msc কিয় নকৰিলা?
MA কৰিবা, M. Com কিয় নকৰিলা,?
Dled তো কৰি থ'বা, Police ৰ interview কিয় নিদিলা?
UPSC ৰ Coaching ল'বা, APSC কিয় নিদিয়া?
CAT, MAT, XAT ৰ Exam কিয় নিদিলা?
চৰকাৰী চাকৰি নাই, Company তে সোমোৱা,
চাৰিআলিত জেৰক্সৰ দোকান এখন নিদিয়া কিয়?
মাটি আছে যদি খেতিকে নকৰ' কিয়?
TET ৰ Exam নিদিলা কিয়?
স্কুল এখনতে সোমোৱা, টিউচনকে নকৰ' কিয়?
Grade-IV ৰ Post ওলাইছে Apply নকৰিলি কিয়?
OIL ত Apply কৰা, apprenticeship নকৰ' কিয়?
অনুগ্ৰহ কৰি মূৰটো গৰম নকৰিব | Graduation Complete কৰা ল'ৰা ছোৱালীক এইবোৰ প্রশ্ন নকৰিব,এইবোৰ উপদেশ নিদিব | শিক্ষিত নিবনুৱাৰ টেগ লৈ এটা এটা দিন কেনেকৈ কটাইছে তেওঁলোকে জানে | কি কৰিব লাগে, কি কৰিব নালাগে, সকলো জানে | মাথো তেওঁলোকে সামৰ্থ্য আৰু পৰিস্থিতি অনুসৰি হে নিৰ্ণয় লৈছে | গতিকে এই নিৰ্ণয়ত আপুনি প্রশ্ন নকৰিব |
ধন্যবাদ
✍️ ধ্রুৱজ্যোতি

5.১) অহংকাৰ কৰি কোৱা নাই আকৌ দেই- বুলি কোৱা 90 শতাংশ কথাই অহংকাৰ কৰি কোৱা হয়।
২) বেয়া নাপাবা আকৌ ভালৰ বাবেহে কৈছোঁ - বুলি কোৱা বেছিভাগ কথাই বেয়া লগাই হয়।
৩) তুমি যে মোক বেয়া নোপোৱা জানো- বুলি কোৱা প্ৰতিটো কথাই বেয়া পাবলগীয়াই হয়।
৪) কাকো নক'বা দেই তোমাকহে কৈছোঁ- বুলি কোৱা 99 শতাংশই সকলোকে কোৱা হয়।
৫) তইতো মোৰ আটাইতকৈ ভাল বন্ধু- বোলাজন 80 শতাংশই শত্ৰু হয়।
৬) নিজৰ সন্তান বুলি কোৱা নাই দেই সঁচাটোহে কৈছোঁ বোলা কথাৰ সৰহ সংখ্যক সেয়া নিজৰ সন্তান বাবেই কোৱা হয়।
ইত্যাদি ইত্যাদি ইত্যাদি...
কেতিয়াবা ফাগলাই যাওঁ ভাবি ভাবি...😐

6..


টিভিৰ বিজ্ঞাপনৰ পৰা কি কি জানিলো…………
.
1. কেটৰিণাই শুকান চুলিৰ, শিল্পাই চুলি সৰাৰ আৰু কৰিণাই উফিৰ সমস্যাত ভুগি আছে !!
.
2. আপোনাৰ শিক্ষাগত অৰ্হতাতকৈ আপোনাৰ কাপোৰ বেছি চিকচিকীয়া হ'লে চাকৰি পাবই !!
.
3. পাকঘৰত নিমখ শেষ হ'লে কোলগেট ব্যৱহাৰ কৰিব পাৰে !!
.
4. যদি আপোনাৰ ঘৈণী ধুনীয়া হয় তেন্তে আপোনাৰ অনুপস্হিতিত প্ৰতিবেশীক Monet deodorant ব্যৱহাৰ কৰিব নিদিব, নহ'লে………
.
5. সকলো মতা মানুহেই কেৱল ছোৱালীক impress কৰিবলৈহে Deodorant ব্যৱহাৰ কৰে !!
.
6. প্ৰতিটো কোম্পানীৰ টুথপেষ্টেই পৃথিৱীৰ ভিতৰত 1 নম্বৰৰ আৰু ভাৰতৰ সকলো দন্ত চিকিৎসকে recommend কৰে !!
.
7. বলিউডৰ বেছিভাগ নায়ক-নায়িকাই Chinese মোবাইল ব্যৱহাৰ কৰে !!
.
8. ভয় লাগিলে Mountain dew খাব লাগে !! তাৰপিছত আপুনি কৰিব নোৱাৰা কাম একো নাথাকিব !!
.
9. সকলো মহ মৰা মেচিনেই মহক বিচাৰি বিচাৰি মাৰে !!
.
10. বেছিভাগ মানুহেই গাড়ী কেৱল বেয়া ৰাস্তাত চলাবলৈহে কিনে !!
.
11. 10টকীয়া এটা Thums up-ৰ কাৰণে চলমান খানে মৃত্যুৰ লগত খেলা কৰিব পাৰে !!
.
12. চেম্পু আৰু চাবোনত ইমানেই গাখীৰ, মাখন, ফল আদি থাকে যে লগাম নে খাম ভাবিব লগা হয় !!
.
13. মানুহে কেৱল ছোৱালী উঠাবলৈহে Bike কিনে !!
.
14. সকলো চাবোনেই 99'9% বীজাণু মাৰিব পাৰে !!
.
15. ওঁঠেৰে বৈ নোযোৱাকৈ Dairy Milk Silk খাব নোৱাৰি !!
.
16.Becardi য়ে কেৱল গানৰ CD আৰু Directors Special/Kingfisher'এ কেৱল Mineral Water হে প্ৰস্তুত কৰে !!
.
17. সকলো ডাক্তৰে বগা কোট আৰু চশমা পিন্ধে !!
.
18. য'তেই চিন্তা তাতেই শৌচালয় থাকে !!
.
19. মাকবোৰে জীয়েকবোৰৰ লগত কেৱল মুৰত দিয়া চেম্পু, তেল বা গা-ধোৱা চাবোনৰ বিষয়েহে কথা পাতে !!
.
20. আৰু শেষত এই বাক্যটো একে উশাহতে খৰকৈ কব লাগিব…… "Mutual fund investments are subjected to market risks please read the offer documents carefully before investing……






Comments

Popular posts from this blog

assames memes new.