Assam's facebook story:
1. সুখবোৰ নো বাৰু কত: # বেংকত চাকৰি কৰা লৰাটোৱে সন্ধিয়া সদায় ভোকে-পিয়াহে ঘৰ সোমায়, সদায় এটাই দুখ বেলেগ চাকৰি এটা পোৱা হলেই ভাল আছিল। # বিধৱা বোৱাৰীজনীৰ সদায় চকুযুৰি সেমেকা, মনত এটাই দোমোজা তাইনো বাৰু কি এনে ভুল কাম কৰিলে, যাৰ বাবে চিৰদিন-চিৰকাল চিনাকী সৌৰজগতখন হেৰাই গল। # পথাৰত সোণগুটি চপোৱা হৰেণ খুড়াৰ অন্তৰত সদায় বিষণ্ণতাৰ কলা এচপৰা মেঘ, আটাইবোৰ লগৰেই কৰবাত নহয় কৰবাত ভেটি দি চৰকাৰী চাকৰিত মকৰল। # দহ বছৰ বিনা বেতনত শিক্ষকতা কৰা যতীন ছাৰৰ বুকুত দুখৰ প্ৰাচীৰ, কিমান লৰা-ছোৱালী প্ৰতিষ্ঠিত কৰিলে, অথচ সন্ধিয়া ৰেচনৰ দোকানত খোৱাবস্তুৰ যোৰা-টাপলি মাৰিবলৈ গণিতজ্ঞৰ নিচিনা অংক কৰিবলগীয়া হয়। # ফুটপাথৰ দাতিত জোতা পলিচ কৰা ভবেনৰ চকুত ক্ষোভৰ আগ্নেয়গিৰি, এটাই প্ৰশ্ন আমাৰ নিচিনা মানুহবোৰ বাৰু আনক চাবলৈহে আহিলো নেকি! # চুবুৰীটোৰ একেবাৰে প্ৰকাণ্ড ঘৰটোৰ দম্পতীহালৰ অহৰহ বেদনাৰ হুমনিয়াহ, নেদেখাজনৰ লীলাত ৰাইজৰ কাঠগড়াত আমি কিয় নিসন্তান। # কেকুৰীটোৰ ফালে চকু পোনালে জালিকটা বেৰৰ ফাঁকেৰে জানকী বুঢ়ীৰ আৰ্তনাদ, চক্ৰবৃদ্ধি সুতত বাঢ়ি যোৱা বেমাৰৰ বোজাৰ পৰা কেতিয়া মুক্তি পাম ভগৱান। # এদিন প্ৰেয়সীৰ...